লাডাখৰ ধৰ্মগুৰুৰ অভিযোগ । সীমান্ত এৰা নাই চীনা বাহিনীয়ে।

বৰ্তমান সময়ত চীনা সেনা এখোজো আতৰা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য় 
কৰিছে লাডাখৰ ধৰ্মগুৰু ৰিজগিন স্পালবাৰে। মাত্ৰ সংঘৰ্ষৰ পৰিস্থিতিহে 
উদ্ভৱ হোৱা নাই বুলি তেওঁ মত পোষন কৰিছে। লাডাখৰ বৰ্তমান পৰিস্থিতি 
সন্দৰ্ভত অতি ক্ষোভেৰে এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ধৰ্মীয় 
নেতাগৰাকীয়ে।

 

তেওঁৰ স্পষ্ট বক্তব্য় যে- পূব লাডাখৰ পৰিস্থিতি সন্দৰ্ভত চৰকাৰে 
অকাৰণতে আচল কথা লুক-ঢাক কৰিছে। বিপৰীতে চীনে ভাৰতৰ 
দখল কৰা ভূখণ্ডৰ পৰা সেনা প্ৰত্য়াহাৰ কৰোৱা নাই। তেওঁৰ এই 
মন্তব্য়ই সচেতন মহলত এক চিন্তাৰ বীজ ৰূপন কৰিছে।

তাপৰ্য্য় ভাৱে বহুবাৰ হোৱা শ্ৰেষ্ঠ সেনা প্ৰধানৰ আলোচনা, প্ৰতিৰক্ষা 
মন্ত্ৰীৰ লাডাখ ভ্ৰমন আৰু লগতে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 
সীমান্তৱৰ্তী এলেকা ভ্ৰমনৰ কথা এতিয়া প্ৰশ্নবোধক ধৰণেৰে চোৱা
হৈছে। 

 
ধৰ্মীয় নেতাগৰাকীয়ে লগতে কয় যে চীনা সৈন্য় ভাৰতৰ ভূখণ্ডৰ
পৰা এখোজো আঁতৰি যোৱা নাই বৰং সংঘৰ্ষৰ সময়ত যিখন
ছবি আছিল এতিয়াও ঠিক তেনে অৱস্থাই বিৰাজমান। 

ধৰ্মগুৰু ৰিজগিন স্পালবাৰৰ মতে বহু বছৰ ধৰিয়েই উক্ত এলেকাত 
বসবাস কৰা যাযাবৰী লোকসকলৰ অৱস্থা শোচনীয় । তেওঁলোকৰ 
একমাত্ৰ জীৱিকাৰ পথ হৈছিলে পশুপালন । এতিয়া সেইয়া বন্ধ হৈ 
পৰাত  অধিক শোচনীয় হৈছে। 
 

তেওঁলগতে কৈয় যে- ভাৰত চৰকাৰে আচলতে চীনক কোনো ধৰণৰ
কঠোৰ বাৰ্তা দিয়াত ব্য়ৰ্থ হৈছে। সেইকাৰণে ইমানৰ পিচতো ভাৰত
ভূখণ্ড এৰি যোৱা নাই চীনা বাহিনীয়ে। এতিয়া চীনা বাহিনীয়ে দখলীকৃত 
ভাৰতীয় ভূখণ্ড তেওঁলোকৰ বুলি দাবী কৰিছে আৰু হেজাৰ-হেজাৰ
চীনা সেনা সেই স্হানত অৱস্থান কৰিছে। ইমানৰ পিচতো ভাৰত
চৰকাৰে কি ভিত্তিত সীমান্তৰ পৰিস্থিতি উন্নত হোৱা বুলি দাবী কৰিছে
ইয়াক লৈয়ে প্ৰশ্ন কৰিছে লাডাখৰ ধৰ্মগুৰু ৰিজগিন স্পালবাৰে। 

Comments