কোৰোনা আক্ৰান্ত ৰোগীৰ মৃতদেহ সৎকাৰৰ বাবে বিচাৰিলে কন্য়াৰ পৰা ধন।

তিনিচুকীয়া জিলাত  অভাৱনীয় হাৰত কোৰোনাৰ আক্ৰান্তৰ সংখ্য়া বৃদ্ধি পোৱাৰ সময়তে জিলাখনত ঘটিছে এক নেদেখা ঘটনা এইপৰ্যন্ত জিলাখনত কোৰোনা আক্ৰান্ত লোকৰ সংখ্য়া ৭৯৮ গৰাকী। ইফালে শুকুৰবাৰে কোৰোনাত আক্ৰান্ত হৈ মৃত্য়ু হোৱা জিলাখনৰ শ্ৰীপুৰীয়া ৰাজা আলি পথৰ বাসিন্দা জান্টু দে'ৰ মৃতদেহ সৎকাৰক লৈ
শ'লঠেকত পৰে পৰিয়ালৰ লগতে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ।


উল্লেখযোগ্য় যে দুগৰাকী কন্য়া সন্তানৰ পিতৃ জান্টু দে'ই গাটো অসুস্থ অনুভৱ কৰাত শুকুৰবাৰে পুৱা তেওঁক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ৰেপিড টেষ্ট কৰাইছিল। এই পৰীক্ষাত তেওঁৰ দেহত ক'ভিড-১৯ পজিটিভ পোৱাত তেওঁক ম'হখুলি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও নিশালৈ শৰীৰত অক্সিজেনৰ মাত্ৰা কমি যোৱাত তেওঁক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্য়ালয় হস্পতাললৈ নিয়া হৈয় যদিও আধাবাটতে মৃত্য়ু হয়।

ইয়াৰ পিছতে জান্টু দে'ৰ মৃত্য়দেহৰ সৎকাৰক লৈ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ দোধোৰ-মোধোৰ অৱস্থাত পৰে। সৎকাৰ কৰিবলৈ মানুহ বিচাৰি নোপোৱাত সংকটত পৰিবলগা হয় প্ৰশাসন।

ইয়াৰ মাজতে তিনিচুকীয়া পৌৰসভাই যোগাৰ কৰা ব্য়ক্তিৰ বাবদ দে'ৰকন্য়াৰ পৰা পোন্ধৰ হেজাৰ টকা বিচাৰে। ইয়াকে লৈ সৃষ্টি হয় ব্য়াপক প্ৰতিক্ৰিয়া। অৱশ্য়ে ৪,৫০০ টকাৰ বিনিময়ত অৱশেষত তিনিচুকীয়া ৰাজহুৱা শ্মাশানত দে'ৰ শেষকৃত্য় সম্পন্ন কৰে কেইগৰাকী মান লোকে। আনহাতে স্বাস্থ্য বিভাগেও সৎকাৰকাৰীসকলক  পি পি ই কিট আগবঢ়াই।

Comments